অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়াদেৱৰ ২৯তম মৃত্যু তিথি উপলক্ষে বক্তৃতানুষ্ঠানঃ
ছয়মাইলস্হিত কৰ্মশ্ৰী হিতেশবৰ শইকীয়া মহাবিদ্যালয়ত আজি(২২/০৪/২৫ তাৰিখে) অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়া দেৱৰ ২৯তম মৃত্যু দিৱস উপলক্ষে "আমাৰ সংস্কৃতিৰ দৰ্শন" শীৰ্ষক এটি বক্তৃতানুষ্ঠান অনুষ্ঠিত হয় ৷ অনুষ্ঠানৰ আৰম্ভণিতে অসমৰ প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া দেৱৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পন কৰা হয় ৷ অধ্যক্ষা ড° শিখামণি কোঁৱৰে হিতেশ্বৰ শইকীয়াদেৱৰ বাল্যকাল , শিক্ষা জীৱন আৰু কৰ্মজীৱনৰ বিষয়ে এক চমু অৱলোকন আগবঢ়ায় ৷ বক্তৃতানুষ্ঠানৰ নিমন্ত্ৰিত বক্তা অগ্নি নিৰ্বাপক বিভাগৰ উপ সঞ্চালক , আৰক্ষী বিষয়া তথা সাহিত্যিক , প্ৰৱন্ধকাৰ ড° নন্দ সিং বৰকলাদেৱে "আমাৰ সংস্কৃতিৰ দৰ্শন" বিষয়টিত এক সাৱলীল বক্তৃতা প্ৰদান কৰে ৷ বক্তাগৰাকীয়ে মন্তব্য কৰে যে তেওঁ জীৱন আৰু জীৱিকাক কেতিয়াও একাকাৰ কৰা নাই কাৰণ জীৱন আৰু জীৱিকা একে নহয় ৷ "জীৱনত ৰং আৰু সৌন্দৰ্য আছে , কিন্তু জীৱিকাত আছে কৰ্তব্য , ঘৃণা আৰু সংঘৰ্ষ ৷" তেওঁ মন্তব্য কৰে ভাৰতীয় সংস্কৃতিক কৰ্ম সংস্কৃতিয়ে মহান কৰিছে ৷ অসমীয়া সংস্কৃতিও সংমিশ্ৰণ আৰু সমন্বয়ৰ সংস্কৃতি ৷ বিভিন্ন জাতি - জনগোষ্ঠীৰ মিলনেৰে অসমৰ বাৰেবৰণীয়া সংস্কৃতিয়ে ৰূপ লৈছে ৷ লগতে তেওঁ কয় যে ফুল হ'লে ফল হ'বই ৷ সেয়ে ছাত্ৰ-ছাত্ৰীয়ে ফুল হ'বলৈ যত্ন কৰা উচিত ৷ আজিৰ ছাত্ৰ-ছাত্ৰীয়ে নিজ চেষ্টা আৰু অধ্যৱসায়েৰে জ্ঞান লাভ কৰি নাম উজ্বলাব পাৰিলেহে প্ৰয়াত মুখ্যমন্ত্ৰী কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া দেৱৰ প্ৰতি সেৱা জনোৱা হ'ব ৷ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ড° কানন মেধি পাটগিৰীয়ে সমাজবাদত বিশ্বাসী প্ৰয়াত হিতেশ্বৰ শইকীয়া দেৱৰ ব্যক্তিত্বৰ বিষয়ে চমু বক্তব্য আগবঢ়ায়৷
এই অনুষ্ঠানত ২০২৩-২৪ বৰ্ষৰ মহাবিদ্যালয়ৰ আলোচনী 'বাখৰ' উন্মোচন কৰে ড° নন্দ সিং বৰকলাদেৱে ৷ তত্বাৱধায়ক উপাধ্যক্ষা ড° মৌচুমী বৰদলৈ হাজৰিকা আৰু শ্ৰীদিগন্ত শৰ্মাই আলোচনীখন প্ৰকাশৰ সৱিশেষ ব্যক্ত কৰে ৷ শলাগৰ শৰাই আগবঢ়ায় উপাধ্যক্ষা ড° মৌচুমী বৰদলৈ হাজৰিকাই ৷ অনুষ্ঠানটিৰ আঁত ধৰে অধ্যাপিকা ড° মৰমী চৌধুৰীয়ে ৷