আজি ১১ এপ্ৰিল, ২০২৬ তাৰিখে মহাবিদ্যালয়ত ৰঙালী বিহুৰ আদৰণি অনুষ্ঠান অনুষ্ঠিত হয়। আৰম্ভণিতে প্ৰাচীৰ পত্ৰিকাৰ প্ৰতিযোগিতাৰ বিচাৰক হিচাপে বি বৰুৱা মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ সহযোগী অধ্যাপিকা ৰূপা বৰুৱা আৰু কবি ,সাংবাদিক অঙ্কুৰ ৰঞ্জন চাংমাই উপস্থিত থাকে। বন্তি প্ৰজলনৰে ৰঙালী বিহুৰ আদৰণি অনুষ্ঠানৰ শুভৰাম্ভণি কৰে অধ্যক্ষ ড° বোধেন কুমাৰ শইকীয়াদেৱে। এই দিনটোৰ আকৰ্ষণীয় দিশ আছিল ইউটিউবাৰ ৰাজীৱ দুৱৰী আৰু নীলাক্ষী আৰ শৰ্মাৰ অনুষ্ঠান। এই অনুষ্ঠানতে অধ্যক্ষ ড° বোধেন কুমাৰ শইকীয়াদেৱক শিক্ষক গোটৰ পৰা সম্বৰ্ধনা জনোৱা হয় । লগতে অধ্যক্ষ ড° বোধেন কুমাৰ শইকীয়াদেৱে সমূহ শিক্ষক , কৰ্মচাৰীক বিহুৰ শুভেচ্ছা জনোৱাৰ লগতে সম্বৰ্ধনা জনায়। ছাত্ৰ-ছাত্ৰী, বিহু নৃত্য দল আৰু শিক্ষকবৃন্দৰ গীত-মাতে আজিৰ অনুষ্ঠানটি সজাই পৰাই ৰঙালী বিহুক আদৰণি জনায় ৷
Today department of Economics organised a talk session on Budget -2026. Principal Dr Budhen Kumar Saikia inaugurated the talk session. Keynote speech was given by Prof Nasir Khan ,B.M. department of Economics, Kuvempu University, Karnataka. Ms Indrani Kalita Choudhury, Assistant Prof.dept of Economics, KHS College delivered her lecture as the speaker of the talk session.